অসমত শিশু

অসমত সকলো শিশু আৰু মহিলালৈ সমতাপূৰ্ণ আৰু মানসম্পন্ন শিশু বিকাশ সেৱাসমূহ আগবঢ়োৱাত ৰাজ্যখনৰ জটিল সামাজিক, ৰাজনৈতিক আৰু ভৌগোলিক বাস্তৱিকতাই প্ৰত্যাহ্বান হিচাপে দেখা দিয়ে।

Health officials on their way to perform immunization program in a temporary health camp in Sand bar (Char area) near Tezpur Town.
UNICEF/UN0156547/Boro

প্ৰত্যাহ্বান

যোৱা দশকটো ধৰি, বিশেষ উন্নয়নসাধন হৈছে যিয়ে অসমৰ শিশুৰ কাৰণে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে।

উত্তৰ পূবৰ দুৱাৰমুখ হিচাপে অসম বহুলভাৱে সমাদৃত। ই ‘সাত ভনী’ ৰাজ্যকেইখনৰ অন্যতম যাৰ সৈতে আছে অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰা, ইয়াৰ বাংলাদেশ আৰু ভূটানৰ সৈতে আছে আন্তঃৰাষ্ট্ৰীয় সীমান্ত, ৰাজ্যখনৰ ৩৩ খন জিলাত ৩১.২vমিলিয়ন লোকে বসবাস কৰে (লোকপিয়ল ২০১১)।

অসমত সমতাপূৰ্ণ উন্নয়ন সাধন কৰিবলৈ যাওঁতে আহি পৰা অতিৰিক্ত অসুবিধাসমূহৰ ভিতৰত পৰে ইয়াৰ ভৌগোলিক সমস্যা, সঘন প্ৰাকৃতিক দুৰ্যোগসমূহ, দীৰ্ঘম্যাদী আত্ম বিৰোধ, বৃহৎ গ্ৰাম্য জনসংখ্যা (ৰাজ্যখনৰ ৮৫.৯ শতাংশই গ্ৰাম্য অঞ্চলসমূহত বসবাস কৰে – লোকপিয়ল ২০১১), বিভিন্ন আনুষ্ঠানিক প্ৰশাসন ব্যৱস্থাসমূহ (ছখন জিলা স্বায়ত্তশাসিত পৰিষদসমূহৰদ্বাৰা শাসিত)।

যদিও লিংগ হাৰ, নৱজাতক আৰু ৫-অনূৰ্ধৰ মৃত্যুৰ হাৰ, টিকাকৰণ আৰু বিদ্যালয়ত নামভৰ্তিৰ হাৰৰ দৰে শিশু বিকাশৰ মূল সূচকসমূহত সফলতা লাভ কৰা হৈছে, তথাপিতো সামগ্ৰিক শিশু সহনশীলতা আৰু শিশুৰ বিৰুদ্ধে হিংসা এতিয়াও মূল সমস্যা হৈয়ে আছে। ইয়াত অৰিহণা যোগাইছে শিশুৰ বাবে ৰাজ্য চৰকাৰখনৰ বাজেটত আৱন্টিত পুঁজিৰ দ্ৰুত হ্ৰাসকৰণ। ২০০৭ চনত ৰাজ্যিক বাজেটৰ ১৬.১৯ শতাংশ পুঁজি শিশুৰ বাবে আৱন্টন দিয়াৰ বিপৰীতে ২০১৬ ৰ বাজেটত সৰ্বনিম্ন মাথো ৬.০১ শতাংশ ধন ধাৰ্য কৰা হয়।

শিশুক শাৰীৰিক, আৱেগিক আৰু যৌন আতিশয্যৰপৰা সুৰক্ষা প্ৰদান কৰাটো অসমত এতিয়াও বৃহৎ প্ৰত্যাহ্বান হৈয়ে আছে তদুপৰি বাল্য বিবাহ আৰু শিশু সৰবৰাহৰ দৰে শোষণকাৰী কাৰ্যকলাপসমূহৰে এতিয়াও ৰাজ্যখন ভাৰাক্ৰান্ত। শিশুৰ বিৰুদ্ধে বৰ্দ্ধিত অপৰাধৰ প্ৰতি লক্ষ্য ৰাখি আতিশায্যৰ প্ৰতি বিপদোন্মুখ শিশুৰ সুৰক্ষাৰ হেতু তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰাটো সময়ৰ আহ্বান।

 

প্ৰতিগৰাকী কন্যা আৰু প্ৰতিটো ল’ৰাৰ কাৰণে পৰিবেশৰ উন্নয়ন সাধন কল্পে সু-প্ৰশিক্ষণপ্ৰাপ্ত সেৱা প্ৰদানকাৰীৰ জৰিয়তে আতিশয্যৰ বৰ্ধিত মোকাবিলা আৰু শিশুৰ কাৰণে সুৰক্ষিত স্থান সৃষ্টিয়েই হৈছে এই হস্তক্ষেপৰ লক্ষ্য।

নৱজাতক আৰু প্ৰসূতিকালীন মৃত্যুৰ হাৰ আশাতীতভাৱে হ্ৰাস পোৱা সত্বেও, ভাৰতৰ প্ৰেক্ষাপটত অসমে এনে ঘটনা বৃদ্ধিত অৰিহণা যোগায়েই আছে। চহৰাঞ্চলৰ শিশুতকৈ ৫ বছৰ বয়সতকৈ কম গ্ৰামাঞ্চলৰ শিশুৰ মৃত্যুৰ হাৰ ২.৪ গুণ অধিক। চহৰাঞ্চলত ৫ বছৰ-অনূৰ্ধ শিশুৰ মৃত্যুৰ হাৰ ২৭ শতাংশ হোৱাৰ বিপৰীতে গ্ৰামাঞ্চলত এই হাৰ ৬৫ শতাংশ আৰু কেইখনমান জিলাত এই পৰিমাণ ৮০ চুইছেগৈ (এছ আৰ এছ ২০১৫)। মাতৃত্ব হ’বলৈ খোজা সকলৰ অৱস্থাও বিশেষ উন্নত নহয়, ৰাষ্ট্ৰীয় গড়তকৈ প্ৰসূতিকালীন মৃত্যুৰ হাৰ ১০০ পইন্টতকৈয়ো অধিক। অকাল গৰ্ভধাৰণ (১৩.৬ শতাংশ), বাল্য বিবাহ (৩২.৬ শতাংশ), অপৰিপক্ক পৰিয়াল পৰিকল্পনা আৰু নিম্ন জন্মপূৰ্ব যতনেই এনে পৰিস্থিতিৰ কাৰণে দায়ী (এন এফ এইছ এছ-৪ ২০১৫-১৬)।

অসমৰ সকলো শিশুৱে স্বাস্থ্যৱান জীৱন লাভ কৰাত মূল প্ৰতিবন্ধক হৈছে টিকাকৰণৰ নিম্ন হাৰ। টিকাকৰণৰে সামৰি লোৱাৰ বৃদ্ধিৰ হাৰ মাথো দুই শতাংশ। তথ্যই দেখুৱাই যে ইয়াত আধাতে বিদ্যালয় এৰাৰ হাৰো অধিক, এইটোও দেখুৱাই যে সামৰি লোৱাৰ বাহিৰতো বহু প্ৰত্যাহ্বান আছে।

৩৬.৪ শতাংশ-এক তৃতীয়াংশতকৈয়ো অধিক শিশুৰ দেহৰ শ্ৰীবৃদ্ধি হোৱা নাই (এন এফ এইছ এছ-৪ ২০১৫-১৬)। পৰৱৰ্তী সময়ত চহৰ আৰু আপাৰ ৱেল্থ কোৱাইন্টাল শিশুৰ  এনে হোৱাৰ মাত্ৰা ৪০ শতাংশৰো অধিক বৃদ্ধি পায়।

শিক্ষাৰ ক্ষেত্ৰত, বিশেষতঃ প্ৰাৰম্ভিক আৰু প্ৰাথমিক স্তৰত, নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিশুৰ কাৰণে ধাৰণ ক্ষমতাসহ যথেষ্ঠ অগ্ৰগতি পৰিলক্ষিত হয়। অসমত প্ৰায় ৬৭,০০০ প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে। বিশেষভাৱে সক্ষমসহ প্ৰায় ৯০,০০০ শিশু বিদ্যালয়লৈ যায়, ইফালে প্ৰায় ১০,০০০ শিশুক বিশেষজ্ঞ আৰু সমল ব্যক্তিৰ জৰিয়তে ঘৰতে শিক্ষাদানৰ ব্যৱস্থা কৰা হৈছে। এনে অগ্ৰগতি সত্বেও অসমত ১০০,০০০ ৰোধিক শিশু বিদ্যালয়লৈ নোযোৱাকৈ আছে। ইয়াৰ সৈতে জড়িত আছে নিম্ন উপস্থিতি, বিদ্যালয় এৰাৰ উচ্চ হাৰ, উচ্চ পৰিমাণৰ শিক্ষকৰ পদ খালী হৈ থকা আৰু বাজেটত নিম্নগামী আৱন্টন। এইসমূহেই হৈছে মানসম্পন্ন শিক্ষা আৰু শিক্ষাৰ প্ৰসাৰৰ অন্তৰায়।

অসমৰ শিশুৰ ভৱিষ্যত বিভাগসমূহৰ দ্বাৰা গ্ৰহণ কৰা নীতি আৰু সিদ্ধান্তৰ জৰিয়তে তেওঁলোকৰ ওপৰত প্ৰদান কৰা গুৰুত্বৰ ওপৰতে ওতপ্ৰোতভাৱে সংপৃক্ত হৈ আছে। সেয়ে কৌশলী বাজেটভিত্তিক আৱন্টনৰপৰা আৰম্ভ কৰি সকলো পৰ্যায়তে সেৱা প্ৰদানকাৰীসকলৰ সামথ্য বৃদ্ধি কৰা, সমাজ, পিতৃ-মাতৃ আৰু শিশুসকলে নিজে বুজি নোপোৱালৈকে কেনে ভূমিকা পালন কৰিব তেনেবোৰ ক্ষেত্ৰত চৰকাৰে কাৰ্যকৰী আৰু বহনক্ষম ব্যৱস্থা গ্ৰহণ কৰাত গুৰুত্ব আৰোপ কৰা উচিত। যদি অসমৰ শিশুৱে স্বাস্থ্যৱান আৰু সৃজনীশীল জীৱন লাভ কৰিব লাগে তেন্তে, মানসম্পন্ন উন্নয়ন সেৱাসমূহৰ

গুৰুত্ব নিৰ্ণয় কৰিবই লাগিব আৰু দ্বায়িত্ববোধৰ গুৰুত্বও অধিক।

১৮ বছৰ বয়সৰ অনূৰ্ধ ৪১ শতাংশ জনসংখ্যা থকাৰ পৰিপ্ৰেক্ষিতত (লোকপিয়ল ২০১১), ৰাজ্য চৰকাৰখন আৰু ইয়াৰ 

অংশীদাৰসকলে শিশু আৰু মহিলাৰ কাৰণে সেৱাসমূহৰ মানদণ্ড বৃদ্ধি আৰু সহজ প্ৰাপ্তিৰদ্বাৰা সঠিক দিশত পদক্ষেপ গ্ৰহণ কৰিছে। ২০১৬ত, অসম চৰকাৰখনে বহনক্ষম উন্নয়নৰ লক্ষ্য (এছডিজি)ত উপনীত হ’বলৈ ৰোডমেপ হিচাপে “আছাম ২০৩০- আৱাৰ ড্ৰীম, আৱাৰ কমিটমেন্ট” শীৰ্ষক কৌশলী ভিজন ডুকুমেন্ট প্ৰস্তুত কৰি উলিয়াইছিল, যি লক্ষ্যৰ এটি গুৰুত্বপূৰ্ণ অংশ আছিল শিশুৰ উন্নয়ন সাধন কৰা। গ্ৰহণ কৰা বিশাল আন্তঃগাঁথনিমূলক উন্নয়নসমূহৰ দ্বাৰা ৰাজ্যখনৰ কাৰ্যক্ষমতা প্ৰদৰ্শিত হৈছে, মানদণ্ড আৰু বহনক্ষমতাৰ কাৰণেই এনে হৈছে।

শিশুৰ অধিকাৰ আৰু কল্যাণৰ অগ্ৰগতি

উপান্ত আৰু প্ৰাপ্তিৰ-বাবে-অসুবিধাৰ সন্মুখীন হোৱাসকলৰ ওপৰত বিশেষ গুৰুত্ব আৰোপেৰে, প্ৰতিটো শিশুৰ ওচৰ গৈ পোৱাত অসম চৰকাৰক ইউনিছেফে সহযোগিতা আগবঢ়াইছে।   

চৰকাৰী ব্যৱস্থাক শক্তিশালী কৰা আৰু বঞ্চিত শিশুৰ সংখ্যা হ্ৰাস কৰিবলৈ পুঁজি যোগান, সামাজিক আৰু অৰ্থনৈতিক প্ৰেক্ষাপটত গ্ৰহণ কৰা ফলপ্ৰসূ নীতিসমূহৰ অগ্ৰগতি আৰু কাৰ্যকৰীকৰণত সহযোগিতা কৰিবলৈ, বিশেষতঃ অতিশয় উপান্ত আৰু অসহায় শিশু আৰু কিশোৰসকলৰ কল্যাণৰ অৰ্থে  ইউনিছেফে অসমত ১৫ বছৰৰো অধিক সময় কাম কৰিছে। অসমৰ শিশুৰ স্বাস্থ্যৱান আৰু সমৃদ্ধিশালী বিকাশৰ অৰ্থে ইউনিছেফে ৰাজ্য আৰু ৰাজ্যৰ-বাহিৰৰ পক্ষসমূহৰ সৈতে অংশীদাৰ হৈছে। আমাৰ কামৰ লক্ষ্যসমূহৰ ভিতৰত আছে শিশুৰ সুৰক্ষা, শিক্ষা, পুষ্টি, স্বাস্থ্য, পানী, অনাময় আৰু স্বাস্থ্যবিধি (WASH) আৰু সামাজিক অন্তৰ্ভুক্তি।

এই লক্ষ্যসমূহ সফলকাম কৰি তুলিবলৈ, বহনক্ষম সমাধানসূত্ৰ নিৰ্ণয়ৰ অৰ্থে ইউনিছেফে বিস্তৃত কৌশল প্ৰয়োগ কৰিছে। আমাৰ ৰাজ্যখনত দীৰ্ঘদিনীয়া কাৰ্যসূচী ৰূপায়ণৰ অৰ্থ এয়ে যে অসমত আমাৰ আছে একক আৰু সুবিধাজনক স্থিতি, তৃণমূল স্তৰত ৰূপায়ণ আৰু বহনক্ষম নীতিৰ ৰূপৰেখা অংকন উভয়তে আছে কাৰিকৰী অভিজ্ঞতা। 

গৱেষণামূলক তথ্যৰ আহৰণ আৰু শিশুৰ কাৰণে ৰাজহুৱা নীতি গঠনত ইয়াৰ প্ৰয়োগ কৰাটো হৈ পৰিছে এটা ধাৰাবাহিক প্ৰক্ৰিয়া। চৰকাৰৰ বিভিন্ন স্তৰত বিভাগসমূহৰ সৈতে কৰা কামৰ জৰিয়তে, মহিলা আৰু শিশুৰ সমস্যাৰাজি চৰকাৰৰ কৰ্মসূচীৰ অগ্ৰাধিকাৰলৈ অনাত অসমত ইউনিছেফে এটা পৰ্যায়ভিত্তিক প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে।

অসমত ইউনিছেফৰ লক্ষ্যৰ ভিতৰত পৰিয়াল আৰু সমাজৰ মাজত মানসম্পন্ন সেৱাসমূহৰ চাহিদাৰ সৃষ্টি কৰাটোও পৰে। শিশু, পিতৃ-মাতৃ আৰু সামাজিক নেতৃত্বসকলৰ সৈতে বিস্তৃত প্ৰচাৰ কাৰ্যক্ৰম আৰু কৌশলী হস্তক্ষেপৰ জৰিয়তে, শিশু উন্নয়ন প্ৰসংগসমূহত অংশগ্ৰহণ আৰু জড়িতকৰণৰ মাত্ৰা বৃদ্ধি হৈছে।                

প্ৰতিটো শিশুৰ বাবে এখন মমতাময় অসম নিৰ্মাণ কৰিবলৈ, সুৰক্ষা প্ৰদান কৰিবলৈ আৰু অধ্যয়ন, শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ আৰু বৰঙণি যোগাবলৈ সুযোগ প্ৰদানৰ অৰ্থে ইউনিছেফে নীতি নিৰ্ধাৰক, ৰাইজ, পেছাদাৰী সংস্থাসমূহ, সামাজিক অনুষ্ঠান, কৰ্পৰেট, সংবাদ মাধ্যম, যুৱ সমাজ, কিশোৰ আৰু শিশুসকলৰ সহযোগিতা আদায় কৰিবলৈ সক্ষম হৈছে।    

যোৱা ১৫ বছৰে অসমত কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে ইউনিছেফে ৰাজ্যখনত একক আৰু সুবিধাজনক স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰত চৰকাৰৰ দ্বাৰা চিহ্নিত উচ্চ অগ্ৰাধিকাৰমূলক জিলাসমূহত শীৰ্ষ ৰূপায়ণকাৰী অংশীদাৰ হিচাপে, ইউনিছেফে চৰকাৰ আৰু সামাজিক সংস্থাসমূহৰ সৈতে নিকপকপীয়া অংশীদাৰিত্ব স্থাপন কৰিছে আৰু অসমত শক্তিশালী উপস্থিতিৰ দিশত অগ্ৰসৰ হৈ আহিছে।

অসমত ইউনিছেফৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ কাৰণে হস্তক্ষেপৰ মূল এলেকা হিচাপে পৰিগণিত হৈছে সমগ্ৰ স্বাস্থ্য ব্যৱস্থাটোত গৱেষণামূলক তথ্য আহৰণ কৰা আৰু পথৰ কন্টক চিনাক্তকৰণৰ বাবে বিস্তৃত পাৰ্থক্য বিশ্লেষণৰ ব্যৱস্থা কৰা। যাৰ জৰিয়তে স্বাস্থ্য প্ৰণালী খণ্ডৰ ক্ষেত্ৰত মহিলা আৰু শিশুৱে স্বাস্থ্যৰ অধিকাৰ লাভ কৰিছে আৰু পাৰ্থক্য দূৰ হৈছে। 

গৱেষণালব্ধ প্ৰমাণ আৰু ক্ষেত্ৰভিত্তিক বাস্তৱিকতাৰ দ্বাৰা আহৰণ কৰা হস্তক্ষেপৰ জৰিয়তে ইউনিছেফে নীতি প্ৰস্তুত কৰাত জড়িত হ’ব পাৰিছে। ইয়াৰ সৈতে সংযোজিত হৈ আছে পুষ্টি কাৰ্যক্ৰমৰ কাৰণে বহনক্ষম নীতিৰ ৰূপৰেখা অংকনত আমি কৰা কাম, তথা তৃণমূল পৰ্যায়ত গ্ৰহণ কৰা কাৰ্যকৰী ব্যৱস্থা।

অসমৰ শিক্ষাৰ ক্ষেত্ৰখনত শীৰ্ষ অংশীদাৰ হিচাপে, সকলো শিশুৰ বাবে সঠিক-স্তৰ ভিত্তিত শিক্ষণ ফলাফলৰ সৈতে ইউনিছেফে মানসম্পন্ন প্ৰাৰম্ভিক শিশু অৱস্থা আৰু প্ৰাথমিক শিক্ষা লাভ কৰাটো সুনিশ্চিতকৰণৰ অৰ্থে লক্ষ্য নিৰ্ধাৰণ কৰিছ, বিশেষতঃ অনগ্ৰসৰ সকলৰ ক্ষেত্ৰত। আমাৰ কামৰ লক্ষ্য হিচাপে অন্তৰ্ভুক্ত হৈছে সকলো স্তৰতে শিক্ষাব্ৰতীসকলক সামথ্যৱান কৰি তোলা, সঠিক আৰু উদ্ভাৱনীমূলক পাঠ্যক্ৰম আৰু শিক্ষণ প্ৰণালী প্ৰস্তুত কৰা, আন্তঃ-আৰু অন্তৰ-কাৰ্যক্ৰম সহযোগিতা আৰু জনসাধাৰণৰ অংশগ্ৰহণ সুনিশ্চিত কৰা। বিশেষতঃ কন্যা শিশুকে ধৰি উপান্ত শ্ৰেণীটোৰ কাৰণে, সমাজ আৰু সুবিধা স্তৰত বহনক্ষম, সুৰক্ষিত আৰু ব্যয়সাধ্য ডব্লিউএএছএইচ সেৱাসমূহৰ সমতুল্য প্ৰাপ্তিৰ অৰ্থে ইউনিছেফে ৰাজ্য চৰকাৰ আৰু সামাজিক সংগঠনসমূহৰ সৈতে ঐকান্তিকভাৱে কাম কৰি আহিছে। 

সামাজিক আৰু চাৰিত্ৰিক পৰিৱৰ্তনৰ লগতে নিগমবদ্ধ আন্তঃগাঁথনিমূলক উন্নয়নৰ কাৰণে কাম কৰিবলৈ ৰূপৰেখা অংকন কৰাটোও আমাৰ সহযোগিতাৰ ভিতৰতে পৰে।

অসমত শিশু সুৰক্ষাৰ ক্ষেত্ৰখনত প্ৰতিষ্ঠিত কাৰিকৰী বিশেষজ্ঞ হিচাপে, শিশু সুৰক্ষা প্ৰণালীৰ উন্নয়ন সাধন, ৰাজহুৱা বিত্তীয় ব্যৱস্থাৰ শক্তিশালীকৰণ, শিশু সুৰক্ষাৰ দায়িত্বত থকাসকলৰ সামথ্য বৃদ্ধি কৰা, সু-শাসন আৰু দায়বদ্ধতাৰ ক্ষেত্ৰত মাত মতা, প্ৰগতিশীল নীতিৰ সিদ্ধান্ত গ্ৰহণৰ অৰ্থে তথ্য আৰু প্ৰমাণ আহৰণ কৰা, আৰু সংবিধিবদ্ধ সংস্থা আৰু শিশু সুৰক্ষা সেৱাসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ অৰ্থে ইউনিছেফে বিভিন্ন চৰকাৰী বিভাগ আৰু সামাজিক সংস্থাসমূহৰ সৈতে কাম কৰি আহিছে।             

Resources

আপুনি বা আপোনাৰ পৰিয়ালৰ কোনোবা যদি কোভিড-১৯ পৰীক্ষাত পজিটিভ

ভাৰতত সকলোৰে বাবে এয়া এক কঠিন সময়। আমি এই পৰামৰ্শসমূহ আগবঢ়াইছোঁ কোভিড-১৯ পজিটিভ বা লক্ষণ থকা সকললৈ। আপোনাৰ চৌপাশৰ সকলোলৈ এয়া আগবঢ়াই দিয়ক।

কাহিনীটো পঢ়ক